শিলঘাটত ঢেঁকীয়াপতীয়াৰ আতংক - Tiger terror in Kaliabor

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 6:56 PM IST

thumbnail
শিলঘাটত ঢেঁকীয়াপতীয়াৰ আতংক (ETV Bharat)

কলিয়াবৰ,১ আগষ্ট : কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক অব্যাহত আছে । শেহতীয়াকৈ বানৰ সময়ত নগাঁও জিলাৰ কলিয়াবৰকে ধৰি বিভিন্ন অঞ্চলত ঢেঁকীয়াপতীয়া আৰু নাহৰফুটুকীৰ মুক্ত বিচৰণৰ খবৰ পোৱা গৈছিল । সোণাৰী-কামাখ্যা অঞ্চলৰ পিচত এইবাৰ শিলঘাটৰ জাহাজঘাটত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণৰ খবৰ পোৱা গৈছে । নিশা ব্ৰহ্মপুত্ৰৰে সাঁতুৰি আহি জাহাজঘাটৰ ফালে অগ্ৰসৰ হয় ঢেঁকীয়াপতীয়াটো ।

জাহাজঘাটত কৰ্মৰত লোকসকলে ঢেঁকীয়াপতীয়াটো প্ৰত্যক্ষ কৰে । সম্প্ৰতি ঢেঁকীয়াপতীয়াটো নৈৰ পাৰত থকা কৃষিভূমিত বিচৰণ কৰি থকা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ইফালে ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণক লৈ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকসকল অঞ্চলটোত উপস্থিত হৈ ঢেঁকীয়াপতীয়াটোৰ গতি-বিধি নিৰীক্ষণ কৰিছে । উল্লেখ্য যে কলিয়াবৰৰ সোণাৰী-কামাখ্যা অঞ্চলত যোৱা কিছুদিন ধৰি তিনিটা ঢেঁকীয়াপতীয়াৰ উপস্থিতিৰ বিষয়ে বন বিভাগে অৱগত কৰিছিল । বাঘৰ গতি-বিধি নিৰীক্ষণৰ বাবে বন বিভাগে চেঞ্চৰ কেমেৰাও চাহ বাগিচাত সংস্থাপন কৰিছিল ।

লগতে পঢ়ক :প্ৰচণ্ড ধুমুহাৰ কবলত জোনাই - Storm hits Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.