মাইনাও ব্ৰহ্মৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে - Investment Scam in Assam

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 11:05 PM IST

thumbnail
মাইনাও ব্ৰহ্মৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে (ETV Bharat Assam)

বাক্সা, ১০ ছেপ্টেম্বৰ: হাজাৰ হাজাৰ ব্যক্তিৰ পৰা মিছা প্ৰলোভন দি কোটি কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হোৱা মাইনাও ব্ৰহ্মৰ মুছলপুৰৰ বাসগৃহ অৱশেষত ছীল কৰিলে প্ৰশাসনে । মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়ালৈকে আৰক্ষী-প্ৰশাসনে তেওঁ বাসগৃহত তালাচী অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি তদন্তৰ খাতিৰত মাইনাও ব্ৰহ্ম সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে প্ৰশাসনৰ লোক ৷ 

পাঁচ ঘণ্টা ধৰি অবিৰত তালাচী চলোৱাৰ পিছত সন্ধিয়া ৫:২৫ বজাত দণ্ডাধীশ আৰু উপ আৰক্ষী অধীক্ষক বদৰুল ইছলাম মজুমদাৰৰ উপস্থিতিত ছীল কৰা হয় বাসগৃহটো । উল্লেখ্য যে, মুছলপুৰ পশ্চিম বাংনাবাৰীৰ সমীন স্বৰ্গীয়াৰীৰ পত্নী মাইনাও ব্ৰহ্মই বিগত আঠ বছৰত আঠ হাজাৰৰো অধিক লোকক জমা ধন চাৰিগুণ কৰাৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰি আহিছিল ৷

তেওঁ জমাকাৰীক বিশ্বাস লোৱাৰ বাবে উকা চেক আৰু দলিলত চহী কৰিছিল ৷ এটা নিৰ্ধাৰিত সময় উকলি যোৱাত ধন জমাকাৰীয়ে সুতসহ জমা ধন ঘূৰাই বিচাৰি মাইনাও ব্ৰহ্মৰ সৈতে যোগাযোগ কৰে যদিও বিভিন্ন অজুহাত দেখুৱাই তেওঁ জমা ধন ঘূৰাই দিয়াৰ পৰা বিৰত থাকে ৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ মোবাইল ছুইচ অফ কৰি অন্তৰ্ধান হয় ৷ ইয়াৰ পিছতেই ভুক্তভোগীয়ে মুছলপুৰ আৰক্ষী থানাত মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ 

লগতে পঢ়ক: ১০০ কোটিৰ ভাইৰেল ফটোৱে কঁপাইছে নামনি অসম - Investment Scam in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.