thumbnail

তামিলনাডুত ৰে'ল দুৰ্ঘটনা: মুখামুখি সংঘৰ্ষৰ পিছতে জুয়ে গ্ৰাস কৰিলে ৰে'লৰ দবা

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 10:56 PM IST

নিউজ ডেস্ক, 11 অক্টোবৰ: সমগ্ৰ দেশতে নৱৰাত্ৰি, শাৰদীয় দুৰ্গোৎসৱ বা আগন্তুক দছেৰাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে শুকুৰবাৰে নিশা দক্ষিণ ভাৰতত সংঘটিত হয় এক বৃহৎ ৰে'ল দুৰ্ঘটনা ৷ বেংগালুৰুৰ মহীশূৰৰ পৰা বিহাৰৰ দৰভাংগালৈ যাত্ৰা কৰা বাগমতী এক্সপ্ৰেছ ৰে'লখন শুকুৰবাৰে নিশা তামিলনাডুৰ চেন্নাইৰ সমীপৰ কাৱাৰাপ্পেট্টাই ষ্টেচনৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়  ৷

জানিব পৰা অনুসৰি বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ৰে'লৰ সৈতে বাগমতী এক্সপ্ৰেছৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ আনহাতে,এই দুৰ্ঘটনাৰ ফলত বাগমতী এক্সপ্ৰেছৰ ৬ টাকৈ দবা ৰে'ললাইনৰ পৰা বাগৰি পৰে  ৷  

ইপিনে, একে সময়তে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী ৰে'লখনক প্ৰচণ্ড জুয়ে আগুৰি ধৰে ৷ ইয়াৰ ফলত বহু যাত্ৰী হতাহত হোৱাৰ আশংকা কৰা হৈছে ৷ অৱশ্যে বাতৰি যুগুতোৱা পৰলৈকে হতাহতৰ প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই ৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে চেন্নাই ষ্টেচনৰ পৰা যাবলগীয়া সকলো ৰে'লৰ যাত্ৰাপথ তাৎক্ষণিকভাৱে সলনি কৰা হৈছে ৷

লগতে পঢ়ক:সাবৰমতী এক্সপ্ৰেছ বগৰাই দিয়াৰ ষড়যন্ত্ৰ আছিল ! এ টি এছকে ধৰি কেবাটাও সংস্থাৰ দলৰ অনুসন্ধান আৰম্ভ - Sabarmati Express

শিলত খুন্দা মাৰি লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ - Sabarmati Express Train Accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.