জীৱ-জন্তু হত্যা বন্ধ কৰাৰ উদ্দেশ্য PETA ইণ্ডিয়াৰ বিশেষ সজাগতা কাৰ্যসূচী - Peta India Awareness program

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 6:32 PM IST

thumbnail
PETA ইণ্ডিয়াৰ বিশেষ সজাগতা কাৰ্যসূচী (ETV Bharat Assam)

গুৱাহাটী, 30 আগষ্ট: শুকুৰবাৰে গুৱাহাটীত পিপল ফৰ দ্য এথিকেল ট্ৰিটমেন্ট অৱ এনিমেলছ চমুকৈ PETA ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক সজাগতামূলক অভিযান । মহানগৰীৰ নেহৰু পাৰ্কত অনুষ্ঠিত এই সজাগতামূলক অনুষ্ঠানত কাঠ-কয়লা গ্ৰীলত 'বাৰৱিকিউ' কৰাৰ প্ৰতীকীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয় । এই অভিযানৰ উদ্দেশ্যৰ সন্দৰ্ভত মন্তব্য কৰি PETA ইণ্ডিয়াৰ কৰ্মকর্তা উৎকৰ্ষ গাৰ্গে কয়, ‘‘মানুহ এজনক 'বাৰৱিকিউ' কৰাটো যেনেকৈ অস্বস্তিকৰ বা এয়া সহজ নহয় । কিন্তু খাদ্যৰ বাবে প্ৰতি বছৰে বহু জীৱ-জন্তু হত্যা কৰা হয় । যাৰ বাবে PETA ইণ্ডিয়াই বহু বছৰ ধৰি কাম কৰি আছে । আমাৰ সংস্থাটোৰ উদ্দেশ্য এটাই যে মানুহে খাদ্যৰ নামত জীৱহত্যা বন্ধ কৰিব লাগে আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে ।’’

লগতে তেওঁ কয়, ‘‘আমি সকলো মানুহে নিৰামিষ আহাৰ গ্ৰহণ কৰাটো বিচাৰো । সকলোতে মানুহে উদ্ভিদৰ পৰা আহৰণ কৰা খাদ্য গ্ৰহণ কৰাটো বিচাৰো । জীৱ-জন্তু হত্যা বন্ধ হ'ব লাগে ৷ কাৰণ মানুহ এজনক হত্যা কৰিলে যেনেদৰে হত্যা কৰাজনক হত্যাকাৰী বুলি কোৱা হয় ঠিক তেনেদৰে জন্তুক হত্যা কৰাজনো হত্যাকাৰীয়ে হয় । যাৰ বাবে এইসমূহ বন্ধ হোৱা কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছো । সমগ্ৰ দেশতে বেলেগ বেলেগ প্ৰতীকী সজাগতা চলোৱা হৈছে । আমি ৰাইজক জীৱ-জন্তুৰ সলনি নিৰামিষ খাদ্য গ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে জন্তুৰ ছাল বা শৰীৰৰ অংগৰে প্ৰস্তুত কৰা সামগ্রী বন্ধ কৰাৰ আহ্বান জনাই আহিছো । লগতে চাৰ্কাছ, চিৰিয়াখানা, একুৰিয়াম আদিলৈ যোৱা বন্ধ কৰিবলৈ আমি আহ্বান জনাই আহিছো । এই সমূহত জীৱ-জন্তুক বন্দী কৰি ৰখা হয় ।’’

লগতে পঢ়ক: কুকুৰ আৰু মানুহৰ সম্পৰ্ক : আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস পালনৰ মহত্ব - International Dog Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.