মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱসত সজাগতা চাইকেল ৰেলী - World Rhino Day 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 4:56 PM IST

বাক্সা, ২২ ছেপ্টেম্বৰ : আজি বিশ্ব গঁ‌ড় দিৱস । ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰা হৈছে এই দিৱস । বিশ্ব গঁ‌ড় দিৱসৰ লগত সংগতি ৰাখি মানাহত উলিওৱা হয় এক সজাগতা চাইকেল ৰেলী । মানাহ কৰ্তৃপক্ষ, ডব্লিউ ডব্লিউ এফ, আৰণ্য়ক, জীপ ছাফাৰী সন্থা, ডব্লিউ টি আই, সাংবাদিক আৰু বন বিভাগৰ উদ্যোগত উলিওৱা হয় এই চাইকেল ৰেলী ।  

পুৱা পতাকা জোকাৰি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক চি ৰমেশে কয়, "২২ ছেপ্টেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে পালন কৰা হয় । বিশ্বত গড়ৰ সংখ্যা বৃদ্ধি কৰিব লাগে । গঁড় থকা অঞ্চলসমূহ উন্নত কৰিব লাগে আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে ৷"

তেওঁ পুনৰ কয়,"মানাহ ৰাষ্ট্ৰীয় উদ্যানত আন আন জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ৫০ টালৈ বৃদ্ধি হৈছে অসম গৌৰৱ এশিঙীয়া গঁ‌ড়ৰ সংখ্যা । এশিঙীয়া গঁড় ভাৰত আৰু নেপালতহে পোৱা যায় ৷ "

লগতে পঢ়ক:গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ লক্ষ্যৰে বিশ্ব গঁড় দিৱস - World Rhino Day 2024

চোৰাং চিকাৰী নহয়, অসমৰ গঁড়ৰ সমুখত আহিছে আন এক ভয়ংকৰ বিপদ - Assam famed one horned rhinos

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.