গুলমাৰ্গত হিমস্খলন, এগৰাকী বিদেশী পৰ্যটকৰ মৃত্যু - Khelo India Winter Games
🎬 Watch Now: Feature Video
Published : Feb 22, 2024, 5:20 PM IST
নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰত ভয়ংকৰ হিমস্খলন । গুলমাৰ্গৰ স্কি ঢালত বৃহস্পতিবাৰে হোৱা হিমস্খলনৰ ফলত এগৰাকী বিদেশী পৰ্যটকৰ মৃত্যু হয় । আন এজন বিদেশী পৰ্যটক সন্ধানহীন বুলি জানিব পৰা গৈছে । স্থানীয় বিষয়াসকলে জনোৱা মতে ৫ গৰাকী স্কিয়াৰক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ গুলমাৰ্গত অনুষ্ঠিত খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াৰ চতুৰ্থ সংস্কৰণৰ মাজতে বিশ্ববিখ্যাত স্কি গন্তব্যস্থানৰ অন্যতম আফাৰৱাট অঞ্চলত এই বৃহৎ হিমস্খলন হয় । ইফালে কেইবাগৰাকী স্কিয়াৰ আৰু পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । অৱশ্যে হিমস্খলনৰ পিচতে এক বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে । আবদ্ধ স্কিয়াৰসকলক উদ্ধাৰৰ বাবে বাৰামুলা জিলা আৰক্ষী, গুলমাৰ্গৰ পৰ্যটক আৰক্ষীৰ লগতে সেনা আৰু প্ৰশাসনেও উদ্ধাৰ অভিযান চলাই আছে ।
লগতে পঢ়ক :পূব ছিকিমত তুষাৰপাত: আৱদ্ধ ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ