অসমীয়াতে উপলব্ধ পৱিত্ৰ কোৰাণ শ্বৰীফ - Assamese translation of Quran

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 1:01 PM IST

হোজাই, ১৭ মাৰ্চ : অসমৰ মুছলমান সমাজৰ কাৰণে এটা অত্যন্ত ভাল খবৰ । পৱিত্ৰ ৰমজান মাহতে আহিল এই ভাল খবৰটি । অসমীয়া কণ্ঠত অনুবাদ উপলব্ধ হ’ল পৱিত্ৰ কোৰাণ শ্বৰীফৰ আৰবী অৰ্থৰ । আৰবী আৰু বাংলা ভাষাৰ পাচতে কোৰাণৰ অসমীয়া অডিঅ' আৰু ভিডিঅ' উপলব্ধ হৈছে । সঠিক আৰু শুদ্ধ ৰূপত কোৰাণৰ অসমীয়া অডিঅ' আৰু ভিডিঅ' উপলব্ধ এতিয়াৰে পৰা ইউটিউবত । চাৰিবছৰীয়া প্ৰচেষ্টাৰ অন্তত শনিবাৰে বিয়লি ইউটিউবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কোৰাণৰ অসমীয়া সংকলন ।  

হোজাইৰ নীলবাগানত প্ৰথমবাৰৰ বাবে অসমীয়া কণ্ঠত পৱিত্ৰ কোৰাণ তৰ্জমাৰ উন্মোচন কৰা হয় । তানজিম মাদাৰিছে কৌমীয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই পৱিত্ৰ কোৰাণ তৰ্জমা । ক্কাৰী ৰিজৱান ক্কাৰী আব্দুল্লাৰ আৰবী তিলাৱাতত অসমীয়া কণ্ঠদান কৰিছে মৌলানা নুৰুল আমিন ক্কাছিমীয়ে । Voice of Assamese Quran নামৰ ইউটিউব চেনেলটিত উপলব্ধ পৱিত্ৰ কোৰাণ তৰ্জমা । পৰৱৰ্তী সময়ত মোবাইল এপচ মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে কণ্ঠদান কৰা মৌলানা নুৰুল আমিন ক্কাছিমীয়ে ।

লগতে পঢ়ক: নামৰূপত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.