আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ - ASSAM MIZORAM BODER CONFLICT

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 4:08 PM IST

thumbnail
মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ (X/Minister Atul Bora)

নিউজ ডেস্ক, 10 আগষ্ট : মিজোৰামৰ মুখ্যমন্ত্ৰীক সৌহাদ্যপূৰ্ণ সাক্ষাৎ অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ ৷ শনিবাৰে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দলে মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুহোমাক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ৷ এই সাক্ষাতত মন্ত্ৰী বৰাই দীৰ্ঘদিনীয়া অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ এই সাক্ষাতৰ সময়ত দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল ৷

মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাতৰ পিচতে মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যম এক্স-ত কয় যে, "মিজোৰামত সদিচ্ছা অভিযানৰ নেতৃত্ব দি আজি আইজলত মাননীয় মুখ্যমন্ত্ৰী পি ইউ @Lal_Duhoma ডাঙৰীয়াক সাক্ষাৎ কৰাটো এক সৌভাগ্যৰ কথা ৷ অসম-মিজোৰাম সীমান্ত সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ দিশত তেওঁৰ নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় ৷ ইয়াৰ দ্বাৰা অঞ্চলটোত স্থায়ী শান্তি আৰু প্ৰগতিৰ সূচনা হ’ব ৷"

উল্লেখ্য যে, শুকুৰবাৰে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দলে মিজোৰামৰ ৰাজধানী আইজলত মিজোৰামৰ গৃহমন্ত্ৰী, ভূমি আৰু ৰাজহ মন্ত্ৰী বি লালচনজোভাক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত দীৰ্ঘদিনীয়া অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সমস্যা সৌহাদ্যপূৰ্ণভাৱে সমাধান কৰাৰ দিশে এখোজ আগবঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত দুয়ো ৰাজ্যৰ এক যৌথ বিবৃতিতো স্বাক্ষৰ কৰা হয় ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যাৰ সমাধান বিচাৰি আইজলত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক - ASSAM MIZORAM BODER CONFLICT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.