পূৰ্বৰ মিটাৰ সংযোগৰ দাবীৰে চৰকাৰক সকীয়নি আটছাৰ - protest against smart meter - PROTEST AGAINST SMART METER
🎬 Watch Now: Feature Video


Published : Sep 16, 2024, 7:34 PM IST
টীয়ক, ১৬ ছেপ্টেম্বৰ: ৰাইজক জলা-কলা খুউওৱা স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত । স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন, বিদ্যুতৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতো গা লৰা নাই চৰকাৰৰ । যিমানেই প্ৰতিবাদৰ ঢৌ তীব্ৰতৰ হৈছে সিমানেই চৰকাৰে বিভিন্ন যুক্তিৰে প্ৰতীয়মান কৰিব খুজিছে যে পূৰ্বৰ তুলনাত বিদ্য়ুতৰ বিল সমানেই আছে ।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ টীয়ক শাখাৰ উদ্যোগত আৰু টীয়ক, চেলেংহাট, লাহদৈগড় আটছাৰ উপ শাখাৰ সহযোগত স্মাৰ্ট মিটাৰ সংযোগ নকৰা তথা ইতিমধ্যে সংযোগ কৰা মিটাৰসমূহ উঠাই অনাৰ দাবীত টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । বিশেষকৈ চাহ বাগিচা অঞ্চলত অনতিপলমে পূৰ্বৰ দৰে মিটাৰ সংযোগ কৰি ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।
ইপিনে, বাগিচা অঞ্চলৰ শ্ৰমিকৰ মাহেকীয়া আয়তকৈ বিদ্যুতৰ মাচুল অধিক হোৱা বাবে বৰ্তমান সেইসমূহ পৰিয়াল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । অহা সাতদিনৰ ভিতৰত স্মাৰ্ট মিটাৰসমূহ উঠাই আনি পুনৰ পূৰ্বৰ মিটাৰ সংযোগৰ কৰি দিবলৈ দাবী জনাই ইয়াৰ অন্য়থা ভৱিষ্য়তে আৰু অধিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকীয়াই দিছে আটছাই ।