ভূ-মাফিয়াৰ ৰূপত বিজেপি নেতা : ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিও পোৱা নাই ন্যায় - Land mafia

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:16 PM IST

thumbnail
ভূ-মাফিয়াৰ ৰূপত বিজেপি নেতা (ETV Bharat Assam)

যোৰহাট, ২৩ জুলাই: দুখীয়া পৰিয়ালক ভয় ভাবুকিৰে বিজেপি নেতাই মাটি দখলৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিও পোৱা নাই ন্যায় । মৰিয়নীৰ নকছাৰী তিৰোৱাল বাগিচাৰ সুদৰ্শন বৰপাত্ৰ গোঁহাই নামৰ লোকজনৰ পৰিয়ালটোক ইন্দ্ৰ প্ৰধান নামৰ বিজেপি নেতাজনে ভাবুকিৰে খেদি মাটি-সম্পত্তি দখলৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিজেপিৰ চেলেংহাট মণ্ডলৰ ১২৩ নং বুথৰ সভাপতি ইন্দ্ৰ প্ৰধানে সুদৰ্শন বৰপাত্ৰ গোঁহাইৰ পত্নীকো ঘৰৰ সন্মুখতে গালি-গালাজ কৰি উক্ত ভূমি এৰি যাবলৈ ভাবুকি দিছে ।  

বিজেপি নেতাজনে সুদৰ্শন বৰপাত্ৰ গোঁহাইৰ এডোখৰ মাটি দখলৰ বাবে এনে কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । বিজেপি নেতাজনৰ এনে কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে মৰিয়নীৰ দেৱেৰাপাৰ আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ পৰা পোৱা নাই সঁহাৰি ।  

ইয়াৰ বিপৰীতে ইন্দ্ৰ প্ৰধানে যোৰহাট আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকৰ লগত ঘনিষ্ঠতা জাহিৰ কৰি আৰক্ষীয়ে তেওঁৰ একো কৰিব নোৱাৰে বুলি পৰিয়ালটোৰ সন্মুখত দম্ভালি মৰাৰ অভিযোগ উঠিছে । আনহাতে,বিতৰ্কিত বিজেপি নেতাজনৰ ভূ-মাফিয়াৰ ৰূপত অৱৰ্তীণ হৈ এটা অসহায় পৰিয়ালক হাৰশাস্তি কৰা অভিযোগ উঠাৰ পিচত তেওঁৰ বিৰুদ্ধে যোৰহাট জিলা বিজেপিয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ।  

লগতে পঢ়ক:বশিষ্ঠ আৰক্ষীৰ জালত পলাতক ভূ-মাফিয়া

অতিৰিক্ত ভাৰা বিচাৰি যুৱতীক ভাবুকি উবেৰ বাইক চালকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.