জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুৰ মটৰ চাইকেল সমদল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 6:58 AM IST

লখিমপুৰ, 21 ফেব্ৰুৱাৰী: পুনৰ জনজাতিকৰণৰ দাবীত মঙলবাৰে আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । মঙলবাৰে লখিমপুৰ জিলাৰ মাজমজিয়াত আটাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেইবা শতাধিক আটাছু কৰ্মীয়ে কঁপাই তোলে জিলাখনৰ আকাশ-বতাহ ৷ 

জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুয়ে জিলাখনত মটৰ চাইকেল সমদল কৰে । ন' এছ টি ন' ৰেষ্ট, উই ৱান্ট জাষ্টিচ আদি শ্লোগান দি আটাছুৱে নগৰৰ মাজেৰে মটৰ চাইকেল সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কেৱল কাম কৰিম বুলি চৰকাৰখনে প্ৰচাৰ হে চলায় বুলি কয় সংগঠনটোৰ নেতৃত্বই । 

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত চৰকাৰে উচিত সিদ্ধান্ত গ্ৰহণ নকৰিলে আটাছুৱে চৰকাৰৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰখনক কঠোৰভাৱে সকীয়াই দিয়ে । এই প্ৰতিবাদী সমদল কাৰ্যসূচীত আটাছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক মৃদুল কোঁৱৰ, লখিমপুৰ জিলা সমিতিৰ সভাপতি নোমল চেতিয়া, কাৰ্যকৰী সভাপতি ধ্ৰুৱব্ৰত গগৈ, যুটীয়া সম্পাদকদ্বয় ৰমেন গগৈ, প্ৰাণজিৎ বৰুৱা আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.