thumbnail

ৰঙিয়াবাসীয়েও আঁকোৱালি লৈছে জয় হনুমেনক

By ETV Bharat Assamese Team

Published : 5 hours ago

ৰঙিয়া: ১৮ অক্টোবৰত সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুক্তিলাভ কৰে হিমাংশু প্ৰসাদ দাসৰ ছবি ‘‘জয় হনুমেনে’’ । বিভিন্ন প্ৰান্তত ৰাইজে আঁকোৱালি লৈছে মনোৰঞ্জনধৰ্মী ছবিখন । অসমৰ লগতে ৰঙিয়াৰ বিভিন্ন লোকেচনত দৃশ্য গ্ৰহণ কৰা ছবিখন চাবলৈ ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলত প্ৰথম দিনৰ দৰ্শনীত স্থানীয় দৰ্শকৰ লগতে ৰঙিয়া ই-ৰিক্সা চালক সন্থাৰ শতাধিক চালকসকলো উপস্থিত হয় ।

লগতে চলচ্চিত্ৰখনৰ প্ৰচাৰৰ বাবে চিনেমাহলৰ সন্মুখত ৰখা বিভিন্ন পোষ্টাৰৰ সৈতেও দৰ্শকৰ লগতে কণ কণ শিশুসকলেও ফটো উঠা পৰিলক্ষিত হয় । ইফালে দৰ্শকৰ কাষ চাপিবলৈ ছবিগৃহসমূহত উপস্থিত হৈছে পৰিচালক হিমাংশু প্ৰসাদ দাসসহ বহু কলা-কুশলী ।

শনিবাৰে ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলত উপস্থিত হৈ ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ছবিখনৰ সম্পৰ্কে হোৱা বিতৰ্ক সম্পৰ্কে মন্তব্য আগবঢ়াই । তেওঁ কয়, "প্ৰভু হনুমান আৰু জয় হনুমেনৰ মাজত পাৰ্থক্য আছে । এই বিষয়ে জানিবলৈ চিনেমা খন চাব লাগিব । কোনো ধৰ্মক আঘাট কৰা আমাৰ উদ্দেশ্য নহয় । ছবিখনত এনেকুৱা ধৰণৰ কোনো বাক্য -সংলাপ, দৃশ্য বা তেনে ধৰণৰ একোৱেই ৰখা হোৱা নাই ।" 

লগতে পঢ়ক: দৰ্শকে ছবিখন চাই ভাল পোৱা বুলি কৈছে: হিমাংশু প্ৰসাদ দাস

থিয়েটাৰৰ টিকট নাপাই ৰণচণ্ডী মূৰ্তি ধৰিলে দৰ্শকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.