বিজেপি আশী শতাংশ উৎখাত হৈছে: ৰিপুণ বৰা - Assam TMC - ASSAM TMC
🎬 Watch Now: Feature Video


Published : Jun 23, 2024, 9:26 PM IST
চিৰাং, 23 জুন : চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী ৷ বিজনী ড৹ বি আৰ আম্বেদকাৰ হলত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷
এই অনুষ্ঠানত ৰঞ্জিত বৰ্মনৰ নেতৃত্বত গ্ৰেটাৰ কোচ বিহাৰ পিপলচ পাৰ্টিৰ দুই শতাধিক সদস্যৰ লগতে গণ সুৰক্ষা পাৰ্টিৰ থুৰিবাৰী সমষ্টিৰ প্ৰায় অৰ্ধ-শতাধিক সদস্যই তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ অনুষ্ঠানত ৰিপুণ বৰাই কয় যে উপ নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ কথা চিন্তা কৰা নাই দলে ৷ বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাবে উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি কয় ৰিপুণ বৰাই ৷ তেওঁ কয় যে, বিজেপিক উৎখাত কৰাই আমাৰ মূল লক্ষ্য ৷ ইতিমধ্যে 80 শতাংশ উৎখাত হৈছে বাকী 20 শতাংশ উৎখাত কৰিব লাগিব বুলি কয় ৰিপুণ বৰাই ৷
লগতে পঢ়ক : 60 বছৰীয়া শাসন কালত কংগ্ৰেছে থানবান কৰা দেশৰ অৰ্থনীতি উদ্ধাৰ কৰিছে মোদীয়ে: সোণোৱাল - Sarbananda Sonowal slams congress