কাছাৰত জব্দ 200 কোটি টকাৰ হেৰ’ইন - HEROIN SEIZED IN ASSAM - HEROIN SEIZED IN ASSAM
🎬 Watch Now: Feature Video


Published : Apr 5, 2024, 7:35 AM IST
|Updated : Apr 5, 2024, 9:24 AM IST
শিলচৰ, 5 এপ্ৰিল : ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সাফল্য । শিলচৰ-মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথত কাছাৰৰ অন্তৰ্গত শিলডুবিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 21 কিলোগ্ৰাম হেৰ’ইন । মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই STF য়ে জব্দ কৰিছে হেৰ’ইনখিনি । লগতে ঘটনা সন্দৰ্ভত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সৰবৰাহকাৰীটো মিজোৰামৰ বুলি আৰক্ষীয়ে জনায় ।
জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য 200 কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক তথা তদন্তকাৰী দলটোৰ মূৰব্বী পার্থসাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান । কেইবাটাও পেকেটসহ 105 টা চাবোনৰ বাকচত মিজোৰামৰ পৰা লৈ অনা হৈছিল এই হেৰ’ইনখিনি । জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় 21 কি.গ্ৰা. ৷
ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ বাবে এয়া উত্তৰ-পূৱৰ আটাইতকৈ বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে ।
লগতে পঢ়ক: কাছাৰত দুই মহিলাসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drug Paddlers Arrested