প্ৰচাৰ পত্ৰিকা বিতৰণ; ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান মীৰা বৰঠাকুৰৰ - Lok Sabha Election Awareness
🎬 Watch Now: Feature Video
Published : Mar 9, 2024, 1:32 PM IST
গুৱাহাটী, ৯ মাৰ্চ : লোকসভাৰ প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মীৰা বৰঠাকুৰ । শনিবাৰে মহানগৰীৰ শিলপুখুৰীৰ বাছ আস্থানৰ পৰা কংগ্ৰেছৰ নেতৃগৰাকীয়ে আৰম্ভ কৰে এই নিৰ্বাচনী প্ৰচাৰ । চিটি বাছ, পথাচাৰী, বাইক, অ’টো আদিত যাত্ৰা কৰা সকলো লোকক প্ৰচাৰ পত্ৰিকা বিলাই ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় মীৰা বৰঠাকুৰে ৷
কেৱল চিটি বাছ, পথাচাৰী, বাইক, অ’টো আদিত যাত্ৰা কৰা লোককে নহয়, বৰঠাকুৰে পথপথত থকা লোককো এই সন্দৰ্ভত সজাগ কৰে ৷ আনকি বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ তেওঁৰ লগতে একাংশ মহিলা কংগ্ৰেছ নেত্ৰীয়েও ৰাইজক আহ্বান জনায় ।
শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মীৰা বৰঠাকুৰক সংগ দিয়ে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনেও । 2024 ৰ লোকসভা নিৰ্বাচনত হিমন্তই যিমানেই ১৩ খন আসনৰ কথা নকওক কিয় কংগ্ৰেছে ৯-১০ খন আসন পোৱাটো খাটাং ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মীৰা বৰঠাকুৰে ।
এই নিৰ্বাচনী প্ৰচাৰৰ সময়তেই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰধানমন্ত্ৰীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ নকৰাৰো অভিযোগ তোলে ৷ লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কেও তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক : গণতন্ত্ৰ ৰক্ষাৰ আহ্বানেৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ ব্যতিক্ৰমী সজাগতা অভিযান