পৰীক্ষাৰ সময়ত অসম শক্তি বিতৰণ কোম্পানীৰ আজৱ কাণ্ড - বিদ্যুত সংযোগ কৰ্তন
🎬 Watch Now: Feature Video
Published : Feb 19, 2024, 2:50 PM IST
বিহপুৰীয়া, 19 ফেব্ৰুৱাৰী : এটা এয়াৰটেলৰ টাৱাৰৰ বাবেই চাৰিদিনে বিদ্যুৎ সংযোগ কৰ্তন কৰি ৰাখিছে বিহপুৰীয়াৰ সোৱণশিৰী পাৰৰ এখন গাঁৱৰ ৷ মাজুলী জিলা শক্তি বিতৰণ কোম্পানীয়ে লখিমপুৰৰ পাভ ভেকেলী নামৰ গাঁওখনৰ বিদ্যুৎ সংযোগ চাৰিদিন ধৰি কৰ্তন কৰি ৰখাত জাঙুৰ খাই উঠিছে গাঁওখনৰ শতাধিক পৰিয়াল ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি আছে ৷ তাৰ মাজতে চাৰিদিন ধৰি গাঁওখনত বিদ্যুৎ সংযোগ ব্যাহত কৰি ৰখাত বিদ্যাৰ্থীসকল অসুবিধাৰ সন্মুখীন হৈছে ৷ গাঁওখনৰ ৰাইজৰ অভিযোগ অনুসৰি গাঁওখনৰ একমাত্ৰ ট্ৰেন্সফৰ্মাৰটোৰ পৰা এয়াৰটেল টাৱাৰ এটালৈ বিদ্যুৎ সংযোগ কৰাক লৈ বিদ্যুৎ বিভাগ আৰু গাঁওবাসীৰ মাজত মতবিৰোধ হৈ আছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত বিগত চাৰিদিন ধৰি গাঁওখনত ব্যাহত কৰি ৰাখিছে বিদ্যুৎ সংযোগ । যাৰ ফলত উপায়ন্তৰ হৈ মাজুলী অথবা লখিমপুৰ প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ নকৰা গঞাই অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷
লগতে পঢ়ক : বিদ্যুৎ সংযোগ বিচ্ছিন্ন ৰখাৰ বাবেই উত্তপ্ত পৰিস্থিতি