মদিনাত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু - Assam Pilgrims Died In Medina

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 5:23 PM IST

thumbnail
ছৌদি আৰৱৰত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু (ETV Bharat Assam)

মাণিকপুৰ, ২৯ জুলাই: ছৌদি আৰৱৰ মদিনাত পুনৰ অসমৰ এজন হজযাত্ৰীৰ মৃত্যু । মৃত হজযাত্ৰীজনৰ ঘৰ চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী থানাৰ অন্তগৰ্ত চৰাইগাঁৱত । আব্দুৰ ৰহিম প্ৰামাণিক নামৰ হজযাত্ৰীজন বিগত কিছুদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷  

উল্লেখ্য যে হজযাত্ৰীজনে যোৱা মে'ত গুৱাহাটীৰ পৰা মক্কালৈ হজ কৰিবলৈ গৈছিল ৷ ইয়াৰ পিচতেই হজযাত্ৰীজনৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ছৌদি চৰকাৰৰ তত্ত্বাৱধানত বিগত এমাহ মদিনাৰ আল-আহমেদীয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । কালি চিকিৎসাধীন অৱস্থাত হজযাত্ৰীজনৰ মৃত্য়ু হয় ৷ তেওঁৰ মৃত্যুত মদিনাত আলহাজ আব্দুল হাইৰ তত্ত্বাৱধানত চলি থকা আল আমিনা ট্যুৰছ ট্ৰেভেলছৰ ওমৰাহ হজযাত্ৰী সকলে নববী মছজিদত আল্লাহৰ ওচৰত দোৱা কৰে ৷

লগতে পঢ়ক:মক্কাত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু

মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু - Assam Pilgrims Died In Mecca

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.