কৰ্মৰ সন্ধানত গৈ বহিঃৰাজ্যত সন্ধানহীন মৰিয়নীৰ যুৱক

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 5:01 PM IST

thumbnail

যোৰহাট, ১৮ মাৰ্চ: মৰিয়নী মাছখোৱা মিস্ত্ৰী গাঁৱৰ নিবাসী চাৱনা ভূমিজ ওৰফে বিকি বিগত পাঁচদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালৰ লোকক শংকিত কৰি তুলিছে ৷ বিগত ১০ মাৰ্চত কৰ্মসংস্থাপনৰ বাবে চাৱনা ভূমিজ ওৰফে বিকি তিনিচুকীয়াৰ পৰা ৰে’লেৰে চেন্নাই অভিমুখে ৰাওনা হৈছিল ৷ মঙলবাৰে তেওঁ হঠাতে পৰিয়ালৰ লোকক ফোন কৰি পুৰুলীয়া ষ্টেচনত পানী খাবলৈ নামি যাওঁতে ৰে’লখন গুচি যোৱাৰ কথা ব্য়ক্ত কৰে ।  

মাজনিশা পুনৰ পৰিয়ালৰ লোকৰ লগত কথা পতাৰ পাচত বিকিৰ ফোন বন্ধ হৈ পৰে ৷ ইয়াৰ পাচৰে পৰা আজি পৰ্যন্ত যোগাযোগ হোৱা নাই বিকিৰ লগত । অন্যহাতে যুৱকজন নিখোঁজ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰিয়নী দেবেৰাপাৰ আৰক্ষী লগতে ৰে’ল আৰক্ষীকো অৱগত কৰিছে যদিও আৰক্ষী ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

অসুখীয়া পিতৃ-মাতৃ, এটি পাঁচবছৰীয় পুত্ৰ সন্তানৰ লগতে পাঁচজনীয়া পৰিয়ালতো পোহপাল সম্পূৰ্ণ দায়িত্ব আছিল বিকিৰ ওপৰত । কিন্তু বিকি হঠাৎ এনেদৰে সন্ধানহীন হৈ পৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটো । অতি অমায়িক হিচাপে পৰিচিত বিকি হঠাৎ সন্ধানহীন হৈ পৰা খবৰে অঞ্চলজুৰি সৃষ্টি কৰিছে এক শোকাকুল পৰিৱেশৰ । কোনো সদাশয় লোকে চাৱনা ভূমিজ ওৰফে বিকি সন্ধান পালে ৭০৮৬০৫২৯৩৭ নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

লগতে পঢ়ক: টিংখাঙৰ পৰা নিৰুদ্দেশ মানসিকভাৱে অসুস্থ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.