দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবীত গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ - Home Guards protest in Guwahati

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:07 PM IST

thumbnail
চচলত গৃহৰক্ষী বাহিনীৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৭আগষ্ট : ৰাজ্যত পুনৰ চিপাহী বিদ্ৰোহৰ উকমুকনি । ন্যায্যপ্ৰাপ্তিৰ দাবীত বন্দুক-লাঠি এৰি প্ৰতিবাদত বহিল গৃহৰক্ষী জোৱান । অসম বিধানসভাৰ চলিত অধিবেশনৰ দ্বিতীয়দিনা চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি আৰু স্থায়ী নিযুক্তিৰ দাবীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ উদ্যোগত চচলত মঙলবাৰৰ পৰা চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হৈছে ।

প্ৰতিবাদী গৃহৰক্ষী জোৱানসকলে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনৰ ২০১৫ চনৰ সংশোধনীত নিয়মাৱলী পুনৰ সংশোধন ঘটাই ২০১২/২০১৩ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানমৰ্মে চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় ।

আনহাতে, অসমত গৃহৰক্ষী অনুপাতে কৰ্তব্যত মকৰল কৰা পদৰ সংখ্যা সমপৰ্যায়ৰ নোহোৱা পৰ্যন্ত Home Guard Department Software System স্থগিত ৰখা, গৃহৰক্ষী বাহিনীত চাকৰিৰ ৫৫ বয়সৰ ঊৰ্ধ্বসীমা ৬০ বছৰলৈ বৃদ্ধি কৰা, মৃত গৃহৰক্ষী জোৱানৰ পৰিয়ালক প্ৰশিক্ষণ দি নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দাবী তোলে ।

লগতে পঢ়ক :চাঞ্চল্যকৰ হত্যাকাণ্ড: দুই বন্ধুৱে হত্যা কৰিলে নেকি বিশালক ? - Moran murder case
লগতে পঢ়ক :অখিল গগৈ দুৰ্যোধন আৰু দুঃশাসনৰ অভিভাৱক: মন্ত্রী পীযুষ হাজৰীকা - Assam Assembly autumn session

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.