৫০৯ কোটি টকাৰ প্ৰকল্পৰে নলবাৰীত চৰকাৰৰ বিকাশ যাত্ৰা - Minister Ajanta Neog
🎬 Watch Now: Feature Video


Published : Mar 3, 2024, 8:30 PM IST
নলবাৰী,৩ মাৰ্চ : নলবাৰী জিলাৰ চামতাত আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচী । বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই কাৰ্যসূচী । চামতা ষ্টেডিয়ামত সহাস্ৰাধিক লোকৰ উপস্থিতিৰে জিলাখনৰ বাবে উদ্বোধন কৰিলে ৫০৯ কোটি টকাৰ অভিলাষী প্ৰকল্প । তদুপৰি কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ।
ভাষণ প্ৰসংগত মন্ত্ৰী অজন্তা নেওগে কয় যে ৰাজ্যত বৈছে বিকাশৰ গংগা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নে লৈছে নৱৰূপ । আনহাতে, আজিৰ এই বৃহৎ প্ৰকল্প অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে চামতা ষ্টেডিয়ামত অনুষ্ঠিত এই বিকাশ যাত্ৰাত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা আদি ।
লগতে পঢ়ক:চাউলভৰ্তি বাহন দোকানৰ সন্মুখত ৰখোৱাক লৈ ৰঙিয়াত মাৰপিটৰ ঘটনা