চতিয়া আৰু জামুগুৰিবাসীৰ ঐতিহাসিক আন্দোলনক স্বীকৃতি - Assam Assembly Autumn Session

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 12:41 PM IST

thumbnail
চতিয়া আৰু জামুগুৰিবাসীৰ ঐতিহাসিক আন্দোলনক স্বীকৃতি (ETV Bharat)

চতিয়া,৩০ আগষ্ট : ১৯৪২ চনৰ ২০ আগষ্টত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বৰ্তমানৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়া থানাত মৃত্যু বাহিনীৰ সদস্যসকলে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা হৈছিল । সেই ঐতিহাসিক ঘটনাই অৱশেষত স্বীকৃতি লাভ কৰিলে । বিধানসভাৰ মজিয়াত সেই কথা স্মৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে ২০ আগষ্টৰ দিনটোক ৰাজ্যজুৰি বিজয় উৎসৱ হিচাপে উদযাপন কৰা হ'ব বুলিও ঘোষণা কৰে । ইফালে সেই ঐতিহাসিক ঘটনা ইতিহাসত সন্নিৱিষ্ট কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিচতে চতিয়া আৰু জামুগুৰিহাটবাসীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বৃহস্পতিবাৰে সন্ধিয়া জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হয় আৰু এই ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ভূয়সী প্ৰশংসা কৰে ৷

বৈঠকখনত বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ণ শইকীয়া, নদুৱাৰ সুৰক্ষা ঐক্যমঞ্চৰ বিষয়ববীয়া তথা শিক্ষক নিতুমণি বৰা, বাৰেচহৰীয়া ভাওনা সমিতিৰ সম্পাদক জয়ন্ত বৰা, অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিংকু কলিতা, বাপুজি ভৱন নাট্য সমাজৰ সম্পাদক প্ৰদ্যুম্ন হাজৰিকা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, জামুগুৰি পৌৰসভাৰ উপ পৌৰপতি অঞ্জন কলিতা, ক্ৰীড়া সংগঠক মন্টু বৰদলৈ, সমাজকৰ্মী প্ৰদীপ হাজৰিকাকে ধৰি বিভিন্ন অনুষ্ঠান তথা দল-সংগঠনৰ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক :অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়কৰ বিৰোধিতা এআইইউডিএফৰ - Assam Assembly autumn session

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.