ৰহস্যজনকভাৱে ডিঙি কটা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান - Police Officer Injured - POLICE OFFICER INJURED
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-05-2024/640-480-21534852-thumbnail-16x9-karimganj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 22, 2024, 10:19 PM IST
কৰিমগঞ্জ, 22 মে’ : কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জুনিতালা পুলিচ ৰিজাৰ্ভৰ এজন আৰক্ষীক ডিঙি কটা অৱস্থাত উদ্ধাৰ ৷ কৰিমগঞ্জৰ জুনিতলা পুলিচ ৰিজাৰ্ভত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনা ৷ মঙলবাৰে নিশা ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হয় এজন আৰক্ষী জোৱানক ৷ জানিব পৰা মতে আহত আৰক্ষী জোৱানজনৰ নাম জগতজ্যোতি দে’ ৷ জোৱানজনে আত্মহত্যাৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে ৷
ঘটনাৰ পিছতে আন আৰক্ষী জোৱানে আহত জগতজ্যোতিক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু অৱস্থা সংকটজনক হোৱাত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে এই ঘটনা কিয় বা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ লগতে এই ঘটনা সন্দৰ্ভত কোনো আৰক্ষী বিষয়াই কোনো মতামত প্ৰকাশ কৰা নাই ৷
লগতে পঢ়ক : পাণবজাৰ আৰক্ষীৰ জালত ভুৱা জামিনদাৰ - FAKE BAILER IN GUWAHATI