ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব লাচিত মৈদাম : মুখ্যমন্ত্ৰী - Lachit Maidam - LACHIT MAIDAM
🎬 Watch Now: Feature Video
Published : Jun 15, 2024, 6:53 PM IST
টীয়ক,১৫ জুন : টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় । তেওঁ ঘোষণা কৰা মতে অহা ডিচেম্বৰ অথবা ২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব । ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা শিৱসাগৰ পৰ্যন্ত চাৰিলেনযুক্ত পথৰ দুৰৱস্থা সন্দৰ্ভতো মন্তব্য কৰে ।
তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে উক্ত কামৰ নতুন নিবিদা তথা নিৰিখ শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিয়া হ'ব । পূৰ্বে কিছু নিৰিখৰ বাবে বা ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে পথছোৱা সম্পূৰ্ণ হোৱা নাই যদিও এইবাৰ পথছোৱা সম্পূৰ্ণ হোৱাৰ দিশত বুলি কৈ তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰে । তেওঁ জনোৱা মতে এই বছৰৰ শেষৰফালে অথবা ২০২৫ চনৰ ভিতৰত পথটো সম্পূৰ্ণ হৈ উঠিব ।