35 কোটি টকা ব্যয়ৰে বড়জালেঙাত নিৰ্মাণ হ’ব মডেল ডিগ্ৰী কলেজ - Dholai Govt Model Degree College

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 8:24 PM IST

thumbnail
35 কোটি টকা ব্যয়ৰে বড়জালেঙাত নিৰ্মাণ হ’ব মডেল ডিগ্ৰী কলেজ (ETV Bharat Assam)

শিলচৰ, 22 আগষ্ট : ‘‘আছু আৰু অখিল গগৈয়ে বিৰোধিতা কৰক ৷ মই মোৰ কাম কৰি থাকিম । মানুহে মোক ভোট দিছে । 2026 চনলৈকে মই মোৰ কাম কৰি যাম ৷ 2026 ৰ পাছত যদি অখিল গগৈ মুখ্যমন্ত্ৰী হয় তেনেহ’লে তেওঁ তেওঁৰ কাম কৰিব ।’’ শিলচৰত উপস্থিত হৈ বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

‘‘ইউ এছ টি এমত পঢ়াসকলে পৰীক্ষা দিব লাগিব, যিটো মই কৈছো ৷ সেইটো মোৰ কনচেপ্ট । তাক কাৰ্যকৰী কৰাৰ বাবে আইন বনাব লাগিব ৷ সেইটো মই কৰি আছো ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । এইবোৰৰ লগতে ধলাই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক দিয়া হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ধলাই সমষ্টিৰ বড়জালেঙাত মডেল ডিগ্ৰী কলেজৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ লগতে কেইবাটাও নতুন আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 35 কোটি টকা ব্যয়ৰে বড়জালেঙাত নিৰ্মাণ হ’ব লগা মডেল ডিগ্ৰী কলেজ আৰম্ভ হ’লে আঞ্চলটোৰ শৈক্ষিক মান আৰু উন্নত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.