অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰত্যাহ্বান - Lok Sabha Election Code of Conduct - LOK SABHA ELECTION CODE OF CONDUCT
🎬 Watch Now: Feature Video


Published : Apr 5, 2024, 10:41 PM IST
শিৱসাগৰ, 5 এপ্ৰিল: ‘‘দম আছে যদি মোক এৰেষ্ট কৰক’’- এই প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিজেপিয়ে আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰি থকাৰ অভিযোগৰ ভিত্তিৰ এই প্ৰত্যাহ্বান বিজেপি নেতাগৰাকীৰ ৷
উল্লেখ্য 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যদিও এতিয়াও বিজেপিয়ে দলীয় প্ৰতীক থকা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ তেওঁ কয় যে প্ৰ-পত্ৰ দিব পাৰে, কোনো বাধা নাই ৷ ক’তো লিখি থোৱা নাই দিব নোৱাৰে বুলি ৷
এই প্ৰ-পত্ৰ বিতৰণৰ জৰিয়তে বিজেপিয়ে অৰ্থনৈতিক সমীক্ষা চলাই থকা বুলি উল্লেখ কৰি ভৱেশ কলিতাই কয় যে এই প্ৰ-পত্ৰ প্ৰতিটো বুথত দিয়া হ’ব ৷ বিজেপিয়েই আঁচনিৰ ধন দিব লাগিব বুলি কৈ ভৱেশ কলিতাই প্ৰশ্ন কৰে যে ৰাইজৰ দলে দিব পাৰিব নেকি ?
লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ ভুৱা প্ৰ-পত্ৰ বিলাইছে বিজেপিয়ে ! লুৰীণজ্যোতি গগৈৰ অভিযোগ