বড়োভূমিৰ নিৰ্বাচনত অকলেই আগুৱাব বিজেপি : ভৱেশ কলিতা - Bhabesh Kalita at Rangia

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 8:13 PM IST

thumbnail
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

ৰঙিয়া, ৫ আগষ্ট: একলা চলো নীতিৰে আগবাঢ়িছে অসম বিজেপি । আগন্তুক বি টি আৰ নিৰ্বাচন বিজেপি অকলেই অৱতীৰ্ণ হ'ব । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সোমবাৰে ৰঙিয়াত এই কথা ব্যক্ত কৰে ৷

তেওঁ লগতে কয় যে, আহিবলগীয়া বি টি আৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ শক্তি পৰীক্ষা কৰিব । অৱশ্যে ২০২৫ ৰ বি টি আৰ নিৰ্বাচনত যে প্ৰি এলায়েঞ্চ নহয় সেই কথা তেওঁ স্পষ্ট কৰি দিয়ে ৷ লগতে প্ৰায়োজন সাপেক্ষে বিজেপিয়ে পোষ্ট এলায়েঞ্চ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

ইয়াৰ পূৰ্বে দেওবাৰে মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৫ৰ বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিছিল ৷ 

লগতে পঢ়ক: ২০২৫ৰ বি টি চি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে - 2025 BTC Election

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.