অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিন- LIVE - Assam Assembly autumn session

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:16 AM IST

Updated : Aug 22, 2024, 10:54 AM IST

thumbnail
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে । পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ'ব । কাৰ্যসূচী অনুসৰি আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত আছে মৃত্যু প্রসংগ, প্রশ্নসমূহ, ২০২৪ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা, অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা । লগতে আছে অধ্যাদেশসমূহ দাখিল কৰা, প্রতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্রস্তাব, ২০২৪-২৫ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন, চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু অন্যান্য চৰকাৰী কার্যসূচী । 
Last Updated : Aug 22, 2024, 10:54 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.