টীয়কত জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত শিল্পী - Independence Day Preparation

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 5:05 PM IST

thumbnail
টীয়কত জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত শিল্পী (ETV Bharat)

টীয়ক,১০ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ ৪ দিন বাকী আছে । তাৰ প্ৰাকক্ষণত চৰকাৰে বিগত বছৰৰ দৰে এইবাৰো 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত চৰকাৰী পক্ষ তথা বিভিন্ন সংস্থা আৰু শিল্পীসকল জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । জাতীয় পতাকা নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন অঞ্চলত অঘোষিত প্ৰতিযোগিতা চলিছে । ব্যতিক্ৰম নহয় যোৰহাটৰ টীয়ক ।

টীয়কৰ পাঞ্চজন্য কুটিৰ উদ্যোগৰ ৭ গৰাকী শিল্পী জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । শিল্পীসকলে জনোৱা মতে সহস্ৰাধিক পতাকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । একেদৰে আৰু এক হাজাৰ পতাকা প্ৰস্তুতৰ কামো চলি আছে । তেওঁলোকে উল্লেখ কৰা মতে সমগ্ৰ যোৰহাটত এইবাৰ পতাকাৰ চাহিদা বৃদ্ধি পাইছে । স্বাধীনতা দিৱসৰ দিনটোত যাতে সকলোৱে নিজ নিজ বাসগৃহত একোখনকৈ পতাকা উত্তোলন কৰিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ৰাজ্যত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - Preparation for Independence day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.