এজাক বৰষুণতে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ, যাত্ৰীৰ হাহাকাৰ - Artificial Flood

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 4:39 PM IST

thumbnail
জলমগ্ন যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুন : এজাক বৰষুণতে জলমগ্ন যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ পুৱাৰ ভাগত অহা এজাক বৰষুণতে ডুবিল নামনিৰ পৰা উজনি অভিমুখে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ কৃত্ৰিম বানৰ ফলত এতিয়া যোৰাবাটত বিঘ্নিত হৈছে যাতায়ত ৷ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ যাত্ৰীৰ মাজত ৷

উল্লেখ্য যে, এজাক বৰষুণ আহিলেই এতিয়া জলবন্দী হৈ পৰিব লাগে মহানগৰীবাসী ৷ বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় অভিজাত মহানগৰীৰ অভিজাত্য ৷ মহানগৰীৰ প্ৰায়ভাগ অঞ্চল এতিয়া পানীৰ তলত ৷ বৰষুণ আহিলেই জলবন্দী হৈ পৰে হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল নগৰ, নবীন নগৰ, চানমাৰী, ৰাজগড়, জু-ৰোড আদিকে ধৰি বহু অঞ্চলৰ জনতা ৷  

দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধৰ বাবে আবেদন-নিবেদন কৰাৰ পিচতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা ৷ কৃত্ৰিম বান ৰোধত এতিয়া সম্পূৰ্ণ বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ ৷ চুপাৰ চাকাৰ, ৰবট আদিকে ধৰি কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা কোটি টকীয়া আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ উন্নত কৌশল অৱলম্বন কৰাৰ পিচতো ইমান দিনে সমাধান নহ’ল গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা ৷

লগতে পঢ়ক : কৃত্ৰিম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে বন্ধ মেট্ৰ’ সেৱা - Heavy Rain AND Thunderstorm

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.