আগিয়াত কৃত্ৰিম বানত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত : এসপ্তাহে বন্ধ শিক্ষানুষ্ঠান - Artificial flood in Goalpara

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:36 PM IST

thumbnail
এসপ্তাহৰ পৰা বন্ধ পাঠদান (Etv Bharat Assam)

গোৱালপাৰা, 5 জুন : চাৰিলেনযুক্ত 17 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতিৰ অভিযোগ ৷ যাৰ ফল ভোগ কৰিছে গোৱালপাৰাৰ আগিয়াবাসীয়ে ৷ বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ফলতে গোৱালপাৰাৰ আগিয়াত সৃষ্টি হৈছে কৃত্ৰিম বান ৷ যাৰ ফল ভূগিবলগীয়া হৈছে দৈনন্দিন কৰ্মক্ষেত্ৰলৈ যোৱা ব্যক্তিসকলৰ লগতে শিক্ষাৰ্থীসকলে ৷

এজাক বৰষুণ দিলেই অঞ্চলটো কৃত্ৰিম বানৰ কবলত পৰে ৷ পূৰ্বে এই অঞ্চলত হস্তী কৰিডৰ নিৰ্মাণত বিসংগতি ধৰা পৰাৰ কথা জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ বৰ্তমান সময়ত পানী নিষ্কাষণ হোৱা পথ বন্ধ কৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ ফলতে এই অৱস্থা সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে মতপ্ৰকাশ কৰিছে ৷ আনকি পূৰ্বৰে পৰা পানী ওলাই যোৱা কালভাৰ্টটো বন্ধ কৰি দিয়াত বৃহত্তৰ আগিয়া, উলুপাৰা আৰু সূত্ৰধৰপাৰাৰ ৰাইজে কৃত্ৰিম বানত যমৰ যাতনা ভূগিবলগীয়া হৈছে ৷  

উল্লেখ্য যে, 17 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নিবিদা লাভ কৰিছিল মায়াশীল লিমিটেডে ৷ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে কোম্পানীটোৱে আগিয়াৰ পাহাৰকাটা পাহাৰৰ পৰা প্ৰয়োজনীয় মাটি কটাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি ক’ব পৰা যায় ৷ কোম্পানীটোৱে মাটি কাটিবলৈ চৰকাৰীভাৱে লাভ কৰা চালানৰ জৰিয়তে দুৰ্নীতিৰ প্ৰশ্ৰয় লৈ এটা দুষ্টচক্ৰৰ সহায়ত দিনে-নিশাই পাহাৰৰ খনন চলাই যোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷ আগিয়াৰ স্থানীয় বাসিন্দাসকলে বহুবাৰ এই কোম্পানীটোক তেওঁলোকৰ অসুবিধা সম্পৰ্কত সদৰী কৰাৰ পিচতো কিন্তু কোম্পানীটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

এই কৃত্ৰিম বানৰ কবলত পৰা আগিয়া চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত বিগত এসপ্তাহে বন্ধ হৈ আছে পাঠদান ৷ যাৰ ফলত বিদ্যালয়ত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে কণ কণ শিক্ষাৰ্থীসকল ৷ কোম্পানীটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি কৃত্ৰিম বানৰ সমস্যা নাইকীয়া কৰিবলৈ জিলা প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: এজাক বৰষুণতে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ, যাত্ৰীৰ হাহাকাৰ - Artificial Flood 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.