thumbnail

NEET পৰীক্ষাত জিলিকিল বাইহাটাৰ আৰিফ, লাভ কৰিলে 700 নম্বৰ - NEET Exam Results 2024

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 1:50 PM IST

বাইহাটা, ৭ জুন: সদ্যঘোষিত NEET পৰীক্ষাত ৭০০ নম্বৰ লাভ কৰি বাইহাটা চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আৰিফ চৌধুৰী নামৰ এজন মেধাৱী ছাত্ৰ । সাহান গাঁৱৰ আবুল হক চৌধুৰীৰ পুত্ৰ আৰিফে ৰাজস্থানৰ কোটাত এই পৰীক্ষাৰ বাবে কোচিং লৈছিল । সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাটোত আৰিফে এনদৰে সফলতা কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰে গাঁওবাসী । আৰিফৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনাই গাঁৱৰ ৰাইজে ।  

আৰিফে পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰি কয় যে, তেওঁ ভাৰতবৰ্ষৰ যি কোনো এখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব যদিও তেওঁৰ লক্ষ্য দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰা । কিয়নো ভৱিষ্য়তে কেৱল এজন চিকিৎসক হোৱাই নহয়, চিকিৎসা বিজ্ঞানী হোৱাৰ ইচ্ছা পুহি ৰাখিছে আৰিফে । আৰিফৰ সফলতাত আবেগিক হৈ পৰে তেওঁৰ পিতৃ-মাতৃ ।

লগতে পঢ়ক: নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - Nta Released Result Of Neet Ug 2024

কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - Neet ২০২৪ Results

গোৱাত উদ্ধাৰ কোটাৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ - Neet Ug Student Missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.