চান্দখিৰাত উত্তপ্ত পৰিস্থিতি : উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত - Protest in Karimaganj

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:57 PM IST

thumbnail
ছাত্ৰীক নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

কৰিমগঞ্জ, 16 আগষ্ট : কৰিমগঞ্জৰ চান্দখিৰাত শুকুৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত ৰাইজে জ্বলাই দিলে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিদ্যা নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হোৱা নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় ৷  

জানিব পৰা মতে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক জাহিৰ উদ্দিনৰ বিৰুদ্ধে ৷ সোমবাৰেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ অভিযোগ অনুসৰি অভিযুক্ত শিক্ষক জাহিৰ উদ্দিনে এই ঘটনা সংঘটিত কৰি ছাত্ৰীগৰাকীৰ অভিভাৱকক ঘটনা গাপ দিবলৈ টকাৰ প্ৰলোভন দিছিল ৷  

ইয়াৰ পিছতে এই ঘটনা পোহৰলৈ অহাত অঞ্চলটোৰ লোকসকল উত্তেজিত হৈ পৰে ৷ আজি অনিবাৰ্য কাৰণবশতঃ বিদ্যালয় বন্ধ আছিল ৷ কিন্তু এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰা উত্তেজিত ৰাইজে জ্বলাই দিয়ে বিদ্যালয়গৃহ ৷ বিদ্যালয় জ্বলাই দিয়াৰ পিছত ৰাইজে চান্দখিৰা কাঠলতলী পথত অৱৰোধ গঢ়ি তোলে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় পাথাৰকান্দি আৰু বাজাৰিছেৰা আৰক্ষী ৷ ইফালে কৰিমগঞ্জৰ পৰা উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷

লগতে পঢ়ক : বৰপেটাক ৰে'ল আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত বিক্ষোভ - AASU Protest in Barpeta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.