নলবাৰীত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ - অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:24 AM IST

নলবাৰী,১৬ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভিন্ন দাবী পূৰণৰ দাবীত প্ৰতিবাদ অব্য়াহত ৰাখিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীৰ মুকালমুৱাতো অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে মাননী বৃদ্ধিৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ আহ্বানত ভিন্ন প্ৰান্তৰ লগতে মুকালমুৱাতো ৰূপায়ণ কৰে অসহযোগ কাৰ্যসূচী ।  

মুকালমুৱাস্থিত বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মী-সহায়িকাসকলে অসহযোগ কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে 'বিজেপি চৰকাৰ নিপাত যাওক', 'এই চৰকাৰ হায়-হায়', 'মাননিৰ সলনি মজুৰি দিয়ক', 'চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰক', 'আমাৰ দাবী নায্য দাবী' আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে ।  

লগতে পঢ়ক: অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.