ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সমালোচনা অমিত শ্বাহৰ - Amit Shah on Bharat Jodo Nyay Yatra
🎬 Watch Now: Feature Video
Published : Jan 20, 2024, 7:36 PM IST
গুৱাহাটী, ২০ জানুৱাৰী : অসমত অব্যাহত থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ । গুৱাহাটীত অসম আৰক্ষীৰ নৱ নিযুক্ত কামাণ্ডো বেটেলিয়ানৰ পেৰেডত অংশগ্ৰহণ কৰি শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰি কয়, ‘‘কংগ্ৰেছৰ শাসনত অসমৰ বিভিন্ন ঠাইত যিবোৰ অন্যায় হৈছিল, উগ্ৰপন্থীৰ সমস্যাত পৰি হাজাৰ হাজাৰ অসমৰ যুৱক মৃত্যুমুখত পৰিছিল, সেই পৰিয়ালসমূহে কংগ্ৰেছৰ অন্যায়ৰ ন্যায় বিচাৰিছে’’ ।
তেওঁ কয়, ‘‘২০১৪ চনৰ পৰা ২০২৪ চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ নক্সাল জৰ্জৰিত অঞ্চল, কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলত ৭৩ শতাংশ হিংসা হ্ৰাস হৈছে । শান্তি প্ৰতিষ্ঠা হৈছে’’ ।
উল্লেখ্য যে, অহা ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ যাত্ৰা গুৱাহাটীত হ'ব । শনিবাৰে যাত্ৰাই ইটানগৰত প্ৰৱেশ কৰিছে । কাইলৈ (দেওবাৰে) আকৌ কলিয়াবৰত এই যাত্ৰা হ'ব । অসমত যাত্ৰা ২৫ জানুৱাৰীলৈ হ'ব । তাৰ পিচত ২৬ আৰু ২৭ জানুৱাৰীত যাত্ৰাই বিশ্ৰাম কৰিব । তাৰ পিচত ২৮ জানুৱাৰীত যাত্ৰা পশ্চিমবংগত প্ৰৱেশ কৰিব ।
লগতে পঢ়ক : তিনি বছৰত দেশ নক্সালবাদৰ পৰা মুক্ত হ’ব : অমিত শ্বাহ