১০ কিলোমিটাৰজোৰা মাৰাথনৰে অভিৰুচি ক্ৰীড়া দিৱস পালন - ABHIRUCHI SPORTS DAY 2024 - ABHIRUCHI SPORTS DAY 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Sports Team

Published : Sep 3, 2024, 10:18 AM IST

আমগুৰি, ৩ ছেপ্টেম্বৰ: আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে এই অভিৰুচি ক্ৰীড়া দিৱস । ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰৰ দিনটোত এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে ৷ ‘অভিৰুচি’ নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভণি হৈছিল ৷

মঙলবাৰে আমগুৰিতো ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মিনি মাৰাথন দৌৰ অনুষ্ঠিত কৰা হয় । আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা আৰম্ভ হয় এই ১০ কিলোমিটাৰ যোৰা এই মাৰাথন দৌৰ ৷

উল্লেখ্য যে, এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক: ৰোগত আক্ৰান্ত ছাইনা নেহৱাল: বেডমিণ্টনক চিৰবিদায় জনোৱাৰ সম্ভাৱনা - SAINA NEHWAL

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.