thumbnail

লাহোৱালত মানৱ সমাজক লজ্জানত কৰা ঘটনা - CRIME IN DIBRUGARH

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:48 PM IST

মৰাণ, ৮ জুলাই: অপৰাধ নিৰ্মূলৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও ৰাজ্যখনত এটাৰ পাচত আন এটা চাঞ্চল্যকৰ অপৰাধজনিত ঘটনা সংঘটিত হৈয়ে আছে । এইবাৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা । তিনি বছৰীয়া শিশুক এজন যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাটো সংঘটিত হৈছে ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত টেপৰচালি কুঁহিয়াৰবাৰী গাঁৱত ।  

দেওবাৰে বিয়লি ঘৰত কোনো নথকা অৱস্থাত নৱদ্বীপ তিৰ্কী নামৰ যুৱকজনে শিশুটিক যৌন উৎপীড়ন চলাই পলায়ন কৰে । এই ঘটনাটো পোহৰলৈ অহাৰ পাচতে শিশুৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পিচত আৰক্ষীয়ে শিশুটিৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ কৰে । সোমবাৰে ঘোঁৰামৰা আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:ইটোৰ পিচত সিটো কিশোৰী ধৰ্ষণৰ ঘটনা : ঠেলামৰাত অভিযুক্তক গ্ৰেপ্তাৰ - Rape Case

ফাষ্ট ট্ৰেক আদালতত যুৱক হত্যা-কিশোৰী ধৰ্ষণৰ বিচাৰৰ দাবীত এবছুৰ জোঁৰ সমদল - ABSU protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.