শ্ৰেণীকোঠাতে অসুস্থ হৈ পৰিল ছাত্ৰী: চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ - lack of ambulance in govt hospital

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:57 PM IST

thumbnail
শ্ৰেণীকোঠাতে অসুস্থ হৈ পৰিল ছাত্ৰী (ETV Bharat)

ধেমাজি, 9 ছেপ্টেম্বৰ: প্ৰচণ্ড গৰমৰ মাজতে সোমবাৰে ধেমাজি মাছখোৱাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাতেই এগৰাকী ছাত্ৰী অসুস্থ হৈ পৰে ৷ হঠাৎ ছাত্ৰীগৰাকী ঢলি পৰাত হুৱাদুৱা লাগে কনিষ্ঠ মহাবিদ্যালয়খনত । ইয়াৰ পিছতে ছাত্ৰীগৰাকীক সহপাঠীসকলে মাছখোৱাৰ বেঙেনাগড়াৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উঠে ৷ পিছত সহপাঠীসকলে স্থানীয় মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাক বিষয়টো অৱগত কৰাত আছুৰ সদস্য আহি চিকিৎসালয়ত উপস্থিত হয় ৷ তেতিয়াহে চিকিৎসকে ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

কিন্তু ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যাবলৈ মাছখোৱাৰ বেঙেনাগড়া CHC চিকিৎসালয়ত নাছিল এখনো এম্বুলেন্স ৷ আছুৰ সদস্যসকলে নিজা প্ৰচেষ্টাৰে এখন 108 এম্বুলেন্স যোগাৰ কৰি ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে লৈ যোৱাৰ দিহা কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে অসুস্থ ছাত্ৰীগৰাকীৰ লগত যাবলৈ এগৰাকী নাৰ্ছো নিয়োজিত কৰাত ব্যৰ্থ হয় বেঙেনাগড়া CHC  চিকিৎসালয় কৰ্তৃপক্ষ ৷ চিকিৎসালয়খনত চলি থকা এনেবোৰ খামখেয়ালিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছুৰ সদস্যসকল ৷ অচিৰেই এনে বেমেজালি দূৰ কৰি ৰোগীক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষক আহ্বান জনাই আছুৰ সদস্যসকলে ৷

লগতে পঢ়ক: অভাৱৰ দীঘলীয়া তালিকা কনকলতা অসামৰিক চিকিৎসালয়ত : ৰোগীৰ মাজত হাহাকাৰ - Assam Health Department

চিকিৎসক অবিহনে চলিছে লখিমপুৰৰ মহানন্দ বৰা 10 খন বিচনাযুক্ত চিকিৎসালয় - Running without doctors

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.