কৃষ্ণাইত নিৰ্মীয়মান ফ'ৰলেনৰ পদপথ ভাঙি যাত্ৰী সোমাল নলাত: মহিলাসহ আহত চাৰি - Corruption In Road Construction - CORRUPTION IN ROAD CONSTRUCTION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:43 PM IST

গোৱালপাৰা, ১১ মে’: গোৱালপাৰাত ফ'ৰলেন নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ কৃষ্ণাইত নতুনকৈ নিৰ্মাণ কৰা পদপথৰ পকী শ্লেৱৰ ওপৰত ৰৈ থাকোতেই কেইগৰাকীমান যাত্ৰী শ্লেৱ ভাগি নলাত সোমাই আহত হোৱাত এই লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি মহিলাসহ চাৰিগৰাকী যাত্ৰী আহত হোৱাৰ পিচতেই ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ।

অতি নিম্ন মানৰ সামগ্ৰীৰে কৃষ্ণাই চহৰত চাৰিলেনযুক্ত পথৰ দাঁতিত পদপথ নিৰ্মাণ কৰাৰ ফলতেই আজি পুৱা এই অঘটনটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । এই সমগ্ৰ ঘটনাটোৰ দৃশ্য় বন্দী হয় কাষতে থকা এখন দোকানৰ চিচিটিভিত । নিৰ্মীয়মান পদপথৰ ওপৰত চাৰিগৰাকী যাত্ৰী গাড়ীৰ বাবে ৰৈ থকা সময়তে পকী শ্লেৱ ভাঙি নলাৰ ভিতৰত সোমাই যায় ৷ স্থানীয় ৰাইজে এইক্ষেত্ৰত ঠিকাদাৰৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:কৃষি মন্ত্ৰীৰ সমষ্টিত ৰাইজে বন্ধ কৰিলে পথৰ নিৰ্মাণ কাৰ্য - Corruption In Road Construction

বিধ্বস্ত নৰনাৰায়ণ সেতু মেৰামতিত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.