লাহৰীঘাটত অধ্যক্ষৰ বিৰুদ্ধে মধাহ্ন ভোজনৰ চাউল চুৰিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 10:45 PM IST

thumbnail

ধিং, 22 ফেব্ৰুৱাৰী: মধ্যাহ্ন ভোজনৰ চাউল চুৰিত লাগিল লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৷ বৃহস্পতিবাৰে অধ্যক্ষগৰাকীয়ে লাহৰীঘাট সমবায় সমিতিৰ পৰা চাউলখিনি আনি বিদ্যালয়ৰ গুদামৰ বিপৰীতে চোৰাংকৈ অন্য ঠাইত জমা কৰিবলৈ নিয়া অৱস্থাতে আৰক্ষীয়ে আটক কৰে ।

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩৫ কুইন্টল ৮৫ কে জি চাউল বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে লাহৰীঘাট সমবায় সমিতিৰ পৰা নিজে স্বাক্ষৰ কৰি সংগ্ৰহ কৰে ৷ তাৰ পিচতে AS11 E C 1379 নম্বৰৰ টাটা ম’বাইল বাহনেৰে আনি লাহৰীঘাট বজাৰৰ নুৰুল ইছলামৰ গুদামত বিক্ৰী কৰা অৱস্থাত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে ।

ৰাইজে খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু চাউলভৰ্তি বাহনখন জব্দ কৰাৰ লগতে মোকতাৰ হুছেইন নামৰ এজন যুৱকক আটক কৰে  ।  অতি সোনকালেই অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ বাবে ৰাইজে দাবী জনাইছে ।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফৰ্ম, মধ্যাহ্ন ভোজনৰ টকা, চাউল আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: দিন বেয়া আছিল চিলনী চোৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.