আলি আঃয়ে লৃগাঙৰ উছাহত উজ্জীৱিত মাজুলীৰ মিচিং গাঁও - মিচিং জনগোষ্ঠী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:16 PM IST

মাজুলী, 14 ফ্ৰেব্ৰুৱাৰী: আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । ফাগুনৰ এই প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে পালন তেওঁলোকৰ প্ৰাণৰ উৎসৱ আলি আঃয়ে লৃগাং । আলি মানে হ’ল শস্যৰ বীজ আৰু আঃয়ে মানে ফল আৰু লৃগাং মানে হ’ল উৎসৱ । আলি আঃয়ে লৃগাং মিচিং লোকসকলৰ কৃষি ভিত্তিক উৎসৱ । ৰাজ্যৰ আন মিচিং অধ্যুষিত অঞ্চলৰ লগতে মাজুলীতো মিচিং জনগোষ্ঠীয় লোকসকলে উদয়াপন কৰিছে আলি আঃয়ে লৃগাং ৷ ঐনিতমৰ সুৰ আৰু গুমৰাগ নৃত্যত মুখৰিত হৈ পৰিছে মাজুলীৰ মিচিং গাঁওসমূহ । ডেকা-গাভৰু, বুঢ়া-মেথা সকলো নাচি-বাগি মতলীয়া হৈ পৰিছে । লৃগাং মানেই পৰম্পৰাগত খাদ্যৰ মেলা ৷ গাহৰিৰ মাংস, পঃৰ আপিং আদিৰে আপ্য়ায়ন কৰা অতিথিসকলক ৷ আপঙৰ ৰাগি লাগি মন মতলীয়া হৈ পৰে সকলোৰে ৷

লগতে পঢ়ক: অঁকৰা কবিৰ স’তে চুপতি কৰিবলৈ আকৌ আহিল মায়াৱী ফাগুন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.