ভাৰতীয় টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কলিয়াবৰৰ অজয় বৰুৱাৰ - National taekwondo referee

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:39 PM IST

thumbnail
টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কলিয়াবৰৰ অজয় বৰুৱাৰ (ETV Bharat Assam)

কলিয়াবৰ, 20 জুন: ভাৰতীয় টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কৰিলে কলিয়াবৰৰ ২০ বছৰীয়া অজয় বৰুৱাই । শেহতীয়াকৈ যোৰহাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি এই স্বীকৃতি লাভ কৰিছে অজয় বৰুৱাই । জখলাবন্ধাৰ গৰুবন্ধাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান অজয় বৰুৱাই ২০২৩ বৰ্ষত অৰ্জন কৰিছিল ‘‘ব্লেক বেল্ট ফাৰ্ষ্ট ডান’’ । 

প্ৰশিক্ষক পৰশ জ্যোতি দাসৰ নেতৃত্বত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমীৰ জৰিয়তে বিগত ৭ বছৰ ধৰি টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লৈ আহিছে অজয় বৰুৱাই । মাতৃ পাৰ্বতী বৰুৱাই আনৰ ঘৰত দিন-হাজিৰা কৰি চলাই আহিছে পৰিয়ালটো ।

লগতে পঢ়ক: ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে এইসকল আফগান ! - T20 World Cup 2024

২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিল্লী অ’পেন স্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰ্থিকভাৱে পিচপৰা পৰিয়ালৰ সন্তান অজয় বৰুৱা । কলিয়াবৰৰ পৰা প্ৰথম টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা অজয় বৰুৱাৰ এই সাফল্যত আনন্দিত কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ।

লগতে পঢ়ক: অলিম্পিকৰ বাৰ্তা দিবলৈ পেৰিছলৈ আমন্ত্ৰিত অসমৰ গীতিকা - Sports Photographer Gitika Talukdar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.