বিজেপিৰ এজেন্ট কোন ? প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে থানাত গোচৰ অমিনুল ইছলামৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 4:43 PM IST

নগাঁও, ২৫ এপ্ৰিল: হেলিকপ্টাৰক লৈ নগাঁৱত দুই প্ৰাৰ্থীৰ মাজত বাক্-বিতণ্ডা । এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বিজেপিৰ হেলিকপ্টাৰ লৈ প্ৰচাৰ চলোৱা বুলি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰাৰ পিচতেই থানা পালেগৈ এ আই ইউ ডি এফৰ বিধায়ক তথা লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলাম । প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ।

এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ ভাড়া এছ বি আইৰ জৰিয়তে এ আই ইউ ডি এফে আদায় দিয়াৰ ৰছিদ লগত লৈ বৃহস্পতিবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় আমিনুল ইছলাম । ভাড়া আদায়ৰ ৰছিদ লগত গাঁঠি দি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আমিনুল ইছলামে ।  

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এ আই ইউ ডি এফৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । থানাত দাখিল কৰা তথ্য অনুসৰি এ আই ইউ ডি এফ দলে ২৩ এপ্ৰিলত আৰ এ আৰ এভিয়েশ্যন প্ৰাইভেট লিমিটেডক হেলিকপ্টাৰৰ ভাড়াৰ বাবদ দহ লাখ টকা আদায় দিয়ে । তথ্য অনুসৰি এ আই ইউ ডি এফ দলে BELL 206L4,VT-IQB হেলিকপ্টাৰখন নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছে ।  

ইফালে প্ৰদ্যুৎ বৰদলৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাওঁহাতৰ প্ৰাৰ্থী বুলি উল্লেখ কৰি আমিনুল ইছলামে কয় যে মুখ্যমন্ত্ৰীৰ কথা মতেই বৰ্তমান বিজেপিত যোগ দিয়া নাই প্ৰদ্যুৎ বৰদলৈয়ে । নিৰ্বাচনৰ পিচতেই তেওঁ বিজেপিলৈ যাব । লগতে বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক ফুলৰ থোপাৰে শুভেচ্ছা জনোৱাৰ প্ৰসংগ উত্থাপন কৰি আমিনুল ইছলামে কয় যে তেওঁৰ নিৰ্বাচনৰ খৰচ বহন কৰিছে মুখ্যমন্ত্ৰীয়ে । 

এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ এজেন্ট বুলিও কটাক্ষ কৰে । লগতে নগাঁৱত বিপুল ভোটত এ আই ইউ ডি এফ জয়ী হ'ব বুলি দৃঢ়তা প্ৰকাশ কৰে আমিনুল ইছলামে ।

লগতে পঢ়ক: অসমত হাজং-চাকমা সকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা বুলি কোৱা নাছিলো, সহায়ৰ কথাহে কৈছিলো : ৰিজিজু - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.