তিনি প্ৰাৰ্থীক সময়সীমা বান্ধি দিলে 11 আহোম সংগঠনে - Tribal status to Ahom community - TRIBAL STATUS TO AHOM COMMUNITY
🎬 Watch Now: Feature Video
Published : Apr 10, 2024, 9:00 PM IST
|Updated : Apr 11, 2024, 2:53 PM IST
শিৱসাগৰ, 10 এপ্ৰিল: আহোম জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত তিনিগৰাকীৰ প্ৰাৰ্থীৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে জনগোষ্ঠীটোৰ সংগঠনসমূহে ৷ জনজাতিকৰণৰ সন্দৰ্ভত ১১ টা টাই আহোম জনগোষ্ঠীয় সংগঠনে তপন গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে ৷
আহোম জনগোষ্ঠীৰ প্ৰাৰ্থী তিনিগৰাকীক 24 ঘণ্টা সময় বান্ধি দিছে সংগঠনকেইটাই ৷ এই ২৪ ঘণ্টাৰ পিচত ১২ এপ্ৰিলত সংগঠনকেইটাই প্ৰকাশ কৰিব কোনগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰিব সেই কথা ৷ সমান্তৰালভাকৈ ১১ এপ্ৰিলত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সভা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে উক্ত 11 টা সংগঠনে । সংগঠকেইটালৈ কংগ্ৰেছ দলৰ পৰা প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰ বৈধ হিচাবে জ্ঞান কৰা নাই ৷
উল্লেখ্য যে সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, আহোম সভা, আহোম জাতীয় গণমঞ্চ, আহোম সেনাকে ধৰি ১১ সংগঠনে বুধবাৰে শিৱসাগৰত এক বৈঠকৰ আয়োজন কৰে ৷ সংগঠনকেইটাৰ হৈ সংবাদমেল সম্বোধন কৰে দয়ানন্দ বৰগোহাঞিয়ে ।
লগতে পঢ়ক: উত্তৰ দিবলৈ সাজু হৈ আছিল লুৰীণজ্যোতি; একোৱেই নক'লে অমিত শ্বাহে