চৰহা লগা ধাননিত মন্ত্ৰী অতুল বৰা - paddy fields hit by insects

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:03 PM IST

thumbnail
চৰহা লগা ধাননিত মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

টীয়ক, 3 ছেপ্টেম্বৰ: টীয়কত উপস্থিত হৈ চৰহা পোকৰ উপদ্ৰৱত ক্ৰমাত শুকাই যোৱা ধান খেতি পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ । টীয়কৰ দুলীয়া গাঁৱৰ পথাৰত মন্ত্ৰীগৰাকীয়ে নিজে পথাৰত নামি চৰহা পোকে নষ্ট কৰা খেতি পথাৰ পৰিদৰ্শন কৰি অনতি পলমে ইয়াৰ সু-ব্যৱস্থা কৰা হ‘ব বুলি আশ্বাস প্ৰদান কৰে কৃষকসকলক । লগতে ইতিমধ্যে কৃষি বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় কীটনাশক ঔষধ, সাৰ আদি যোগান ধৰা হৈছে আৰু ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে । 

উল্লেখযোগ্য যে যোৰহাট জিলাত ৩১৯ হেক্টৰ কৃষিভূমি চৰহা পোকৰ উপদ্ৰৱত নষ্ট হৈছে আৰু ২৮১ হেক্টৰ কৃষি ভূমিত চৰহা পোকৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি বিভাগৰ পৰা চেষ্টা ইতিমধ্যে চলোৱা হৈছে । লগতে প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনাৰ জৰিয়তে কৃষকসকলক উপকৃত কৰা হ’ব বুলি সদৰী কৰি কৃষি বীমাৰ ক্ষেত্ৰত অধিক সজাগতা অনাৰ প্ৰসংগ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । 

ইপিনে দুলীয়াগাঁৱৰ পথাৰৰ পৰা পোনে পোনে পবিত্ৰ ভাদ মাহ উপলক্ষে মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰীগৰাকী উপস্থিত হৈ ধূপ-চাকি-নৈবেদ্য আগবঢ়াই ঈশ্বৰৰ সেৱা লয় আৰু ৰাজ্যবাসীৰ মংগল কামনা কৰে । উক্তসমূহ কাৰ্যসূচীত দেৰগাঁৱৰ বিধায়ক ভৱেন ভড়ালী, জিলা আয়ুক্ত পুলক মহন্তৰ লগতে দলীয় বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: ঐতিহাসিক চতিয়া থানাত নিৰ্মাণ হ’ব স্মৃতিশৌধ: মুখ্যমন্ত্ৰীৰ ঘোষণা - Sootea Police station

অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.