নগাঁৱৰ বৰঘাট বাইপাছত পলিথিনৰ ভিতৰত সন্দেহযুক্ত সামগ্ৰী: বোমাৰ বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ - ULFA I bomb plans

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:07 PM IST

thumbnail
বোমাৰ বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ (ETV Bharat Assam)

নগাঁও, 15 আগষ্ট: 78 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই পতাকা উত্তোলনৰ কিছু সময় পাছতেই আলফা স্বাধীনৰ এক বিবৃতিয়ে হাহাকাৰ লগাইছে ৰাজ্যৰ আন জিলাৰ লগতে নগাঁও আৰক্ষীক ৷ নগাঁৱৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷ নগাঁও মেডিকেল কলেজলৈ যোৱা পথৰ আদিত্য হাস্পতালৰ সমীপত এটা বোমা সংস্থাপন কৰাৰ লগতে বৰঘাট বাইপাছৰ সমীপত আন এটা বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনৰ বিবৃতিত উল্লেখ ৷ 

ইতিমধ্যেই দুয়োটা স্থানতেই বোমা বিচাৰি অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ আদিত্য হাস্পতালৰ সমীপত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বোমা ৷ বৰঘাট বাইপাছৰ সমীপত পলিথিনেৰে মেৰিয়াই থোৱা এটা টোপোলা উদ্ধাৰ কৰিছে আৰক্ষীয়ে, অৱশ্যে টোপোলাটোত বোমা নে আন কিবা আছে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷

লগতে পঢ়ক: আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.