মাজুলীত বন বিভাগৰ ৰেড এলাৰ্ট; গঁড় বিচাৰি বন বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:23 AM IST

thumbnail

মাজুলী, 26 ফেব্ৰুৱাৰী : মাজুলীত বন বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট । বিগত মঙলবাৰে গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ পাচতেই তৎপৰ হৈছে মাজুলীৰ বন বিভাগ । বিয়লি ভাগত চাপৰি অঞ্চলৰ ৰাইজে যাতে বাহিৰত ঘূৰা ফুৰা নকৰে আৰু পুৱাৰ ভাগত সোনকালে ঘৰৰ পৰা বাহিৰ নহয় তাৰ বাবে মাজুলীবাসীক আহ্বান জনাইছে বন বিভাগে ।

অৱশ্যে বন বিভাগৰ এই আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদি বাহিৰত ঘূৰি ফুৰিছে একাংশ লোক । বন বিভাগৰ আহ্বান, ‘‘এনে কাম যাতে ভুলটো কোনেও নকৰে ৰাইজে ।’’ ইফালে দিনৰ ভাগতো বন কৰ্মীয়ে চাপৰিৰ মাজত গঁড়ৰ সন্ধান অব্যাহত ৰাখিছে ৷ নিশাৰ ভাগত জনাঞ্চলত যাতে গঁড়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পহৰাৰ ব্যৱস্থা কৰিছে মাজুলীৰ বন বিভাগে ।

বন বিভাগৰ আহ্বান যোৱা মঙলবাৰৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে সাধাৰণ লোকসকল সাৱধান হ’বলৈ বাৰম্বাৰ আহ্বান জনাইছে মাজুলীৰ বন বিভাগে ।

লগতে পঢ়ক : কিবা এটা হোৱাৰ পিচতহে কিয় গা লৰে কৰ্তৃপক্ষৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.