ৰাইজৰ ৰোষত পৰিল পিচল ভূত : ভূতৰূপী দুলাল হীৰাক আটক - Youth arrested in Morigaon

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:00 PM IST

thumbnail
ৰাইজৰ ৰোষত পৰিল পিচল ভূত (ETV Bharat Assam)

মৰিগাঁও,২৯ জুন: নিশা মৰিগাঁৱৰ শিলসাঁকোত পিচল ভূতক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । সমগ্ৰ অঞ্চলটোতে বিগত এমাহ ধৰি নিশাৰ ভাগত বিৰাজ কৰিছিল পিচল ভূতৰ আতংক‌ । অঞ্চলবাসীৰ অভিযোগ অনুসৰি নিশা হ'লেই পিচল ভূতৰ টাৰ্গেট হৈ পৰে যুৱতী অথবা একাংশ মহিলা । প্ৰায় এমাহ ধৰি নিশা পিচল ভূত ওলোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰা মাত্ৰকে অঞ্চলটোত বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা ।  

অৱশেষত মৰণত শৰণ দি অঞ্চলটোৰ ভালেসংখ্যক লোকে পিচল ভূতক খেদি খেদি ধৰিবলৈ সক্ষম হয় । লগে লগে আতংকৰ সৃষ্টি কৰি অহা পিচল ভূত চাবলৈ গোট খাই অঞ্চলটোৰ শ শ লোক । উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধাই পিচল ভূতৰূপী মৰিগাঁও চহৰৰ দুলাল হীৰাক । ঘটনা সন্দৰ্ভত গাঁও প্ৰধানে খবৰ দিয়ে আৰক্ষীক । খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী । পিচে পিচল ভূতৰূপী দুলাল হীৰাক আটক কৰিবলৈ আৰক্ষীক উত্তেজিত ৰাইজে বাধা প্ৰদান কৰাত সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতি । অৱশেষত পৰস্থিতি কিছু শান্ত হোৱাত দুলাল হীৰাক আটক কৰি নিজৰ জিম্মাত ল'বলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.