সোণাপুৰৰ উচ্ছেদৰ বিৰুদ্ধে ৰঙিয়াত এবিএমছুৰ প্ৰতিবাদ - ABMSU protest

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 5:56 PM IST

thumbnail
সোণাপুৰৰ উচ্ছেদৰ বিৰুদ্ধে ৰঙিয়াত এবিএমছুৰ প্ৰতিবাদ (ETV Bharat)

ৰঙিয়া,১৪ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলীত উচ্ছেদৰ সময়ত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে । উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত বেদখলকাৰীৰ মৃত্যুক লৈ ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই উচ্ছেদ আইনসংগত নাছিল বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে । তাৰ মাজতে কিছুমান সংগঠনে ৰাজ্যত এই উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিত সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক তীব্ৰ সমালোচনা কৰে । এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ নির্দেশমর্মে তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে চৰকাৰবিৰোধী বেনাৰ, পোষ্টাৰ লৈ সংগঠনটোৱে প্ৰতিবাদী সমদলৰ আয়োজন কৰে ।

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু নিহত লোকৰ আত্মীয়ক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে সংগঠনটোৱে । আনহাতে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হোৱা দেখা যায় । প্ৰতিবাদৰ সময়ত দ্বাৰকুছিত তীব্ৰ যান-জঁটৰো সৃষ্টি হয় ।

লগতে পঢ়ক :সোণাপুৰত উচ্ছেদথলীলৈ যাবলৈ নিদিলে কংগ্ৰেছৰ সজাতি দলক : উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে - Sonapur Eviction Incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.