অশোক সিংহলৰ প্ৰতীকী শৱদেহ সাঙীত লৈ আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ - Guwahati Flash Flood

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:26 PM IST

thumbnail
অশোক সিংহলৰ প্ৰতীকী সাঙীত লৈ আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,৬ আগষ্ট: গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ প্ৰতীকী সাঙীত লৈ আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ । মঙলবাৰে আছুৱে উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা অশোক সিংহলৰ প্ৰতীকী শৱদেহ কান্ধত লৈ বিসৰ্জন দিলে ব্ৰহ্মপুত্ৰত । অশোক সিংহল হায় হায়, অশোক সিংহলৰ কাম নাই, অশোক সিংহল মৰি গ'ল, হিমন্ত বিশ্ব শৰ্মা হায় হায়, অসম চৰকাৰ হায় হায়, কৃত্ৰিম বান নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে অসম চৰকাৰ আদি শ্ল'গান দি ব্ৰহ্মপুত্ৰত মন্ত্ৰীগৰাকীৰ প্ৰতীকী শ বিসৰ্জন দিয়ে প্ৰতিবাদকাৰী আছুৰ কৰ্মকৰ্তাসকলে ।  

গুৱাহাটীৰ সমস্যা সমাধান কৰিব নোৱৰা মন্ত্ৰীক অশোক সিংহলক পদত্যাগৰ দাবী জনায় আছুৱে । প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ নেতৃত্বই কয়,"মহানগৰীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে অসম চৰকাৰ, লগতে ব্যৰ্থ হৈছে মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল । পদত্যাগ কৰিব লাগে মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে । মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উন্নয়নৰ কথা কৈ লাভ নাই । মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাত ব্যৰ্থ হোৱাৰ কথা স্বীকাৰ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে সোমবাৰে বিয়লিৰ ভাগৰ পৰা অহা বৰষুণজাকত মহানগৰীৰ জনজীৱন স্তব্ধ হৈ পৰিছিল । যাৰ বিৰুদ্ধে মঙলবাৰে আছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক: নীতি-নিয়ম ভাঙি দিছপুৰৰ লোকসেৱা ভৱনত বিজেপি বিধায়িনী দলৰ বৈঠক কেনেকৈ ? - Opposition Leader Debabrata Saikia

আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

কৃত্ৰিম বানত লটিঘটি : সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ - GUWAHATI ARTIFICIAL FLOODS

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.