নলবাৰীত আছুৰ মুকলি বিহুত বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা - Rongali Bihu 2024 - RONGALI BIHU 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:47 PM IST

নলবাৰী, ১৪ এপ্ৰিল: পহিলা ব'হাগৰ দিনটোতেই নলবাৰী শ্বহীদ ভৱন বাকৰিত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মুকলি বিহু ৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাৰ উদ্যোগত “নাচিব লাগিব ব’হাগ বিহু বুলি” শীৰ্ষক দিনযোৰা কাৰ্যসূচীৰে আজি আছুৰ মুকলি বিহু অনুষ্ঠিত হয়  ৷ প্ৰতিবছৰৰ দৰে এইবেলিও শ্বহীদ ভৱন বাকৰিত নলবাৰী জিলাৰ ভিন্ন স্তৰৰ লোকৰ উপস্থিতিত মুকলি বিহু অনুষ্ঠিত হয় ।

নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নগৰ উন্নতি সভাৰ উদ্যোগত অনুষ্ঠিত এই "নাচিব লাগিব ব'হাগ বিহু বুলি" শীৰ্ষক মুকলি বিহুৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী মাধুৰিমা চৌধুৰীয়ে । এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে বিহু মুকলি কৰি বিহুক বিকৃত নকৰিবলৈ আহ্বান জনায় । তেওঁ লগতে অসমীয়া জাতিটোক অপমানিত নকৰিবলৈ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় । এই অনুষ্ঠানটোতেই ৰাজ্য়ৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিহু মুকলিৰ পিছতে আছু নেতৃত্বই আঠু লৈ ৰাইজৰ পৰা  আশীৰ্বাদ গ্ৰহণ কৰে ।

লগতে পঢ়ক:AASU Bihu In Guwahati: গুৱাহাটীত আছুৰ মুকলি বিহু; ৰাজ্যৰ কৃতি ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.